
শিৱসাগৰ, ১৯ ডিচেম্বৰ (হি.স.): শিৱসাগৰত নিৰীহ হাজিৰা শ্ৰমিকক বৰ্বৰ আক্ৰমণ চলোৱাৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি হৈছে । দিন হাজিৰা কৰা দুয়ো গৰাকী শ্ৰমিক গুৰুত ভাৱে আহত হয়। হাজিৰা কাম কৰি থকাৰ সময়ত এটা ৰঙালাও পুলি উঘাল খাই যোৱাক লৈ এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
জানিব পৰামতে, কল্যাণ বৰা নামৰ ব্যক্তিজনৰ আক্ৰমণত আহত হাজিৰা শ্ৰমিকদ্বয়ৰ নাম সোণমইনা আলি আৰু মফিজুল আলি।গৌৰীসাগৰ চিন্তামণিগড়ৰ নিবাসী হাজিৰা শ্ৰমিকদ্বয়ে চেৰেকাপাৰস্থিত প্ৰফেচাৰ কলনিৰ নিবাসী কৃষ্ণ বৰাৰ ঘৰত কাম কৰিছিল। কিন্তু সমীপতে থকা কল্যাণ বৰাৰ পদূলীত থোৱা ইটা, শিল বালি, কঢ়িয়াই থকাৰ সময়তেই এটা ৰঙালাও পুলি উঘালি গৈছিল। এই অভিযোগতেই কল্যাণ বৰা নামৰ ব্যক্তিজনে দুয়ো গৰাকী হাজিৰা কৰা শ্ৰমিকক বৰ্বৰ অত্যাচাৰ চলায়। পিঠি, হাত, ভৰিৰ লগতে ভিন্ন স্থানত জেওৰাৰে কোবোৱাৰ ফলত দুয়ো গৰাকী যুৱক গুৰুতৰভাৱে আহত হয়। ঘটনাৰ সম্পৰ্কত কল্যাণ বৰা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে দুয়োজন আহত যুৱকে কালি নিশা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ