
দৰং, ১৯ ডিচেম্বৰ (হি.স.): দৰঙৰ ছিপাঝাৰত এক শোকাৱহ ঘটনা সংঘটিত হয়। নিজ বাসগৃহৰ কাষত বাইকসহ উদ্ধাৰ কৰা হৈছে যুৱকৰ মৃতদেহ।
মৃত যুৱক জন শিতলাবড়ীৰ ধীৰাজ চহৰীয়া (৩৪) বুলি পৰিচয় পোৱা গৈছে। যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ঘৰৰ পৰা বাইকখন লৈ ছিপাঝাৰ বাছষ্টেণ্ডৰ ফালে ওলাই আহিছিল ধীৰাজ চহৰীয়া। কিন্তু ঘৰৰ পৰা এশ মিটাৰ মান দূৰত পথৰ দাঁতিত কালি নিশা বাটৰুৱাই প্ৰত্যক্ষ কৰে বাইকসহ ধীৰাজ চহৰীয়াক। ঘটনাৰ পাছতে ঘটনাস্থলীত ছিপাঝাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
উল্লেখ্য যে যুৱকজন কিছু দিনৰ পৰা উচ্চ ৰক্তচাপত ভুগি আছিল যদিও এয়া দুৰ্ঘটনা নে আন কিবা জানিব পৰা হোৱা নাই যদিও আৰক্ষীযে তদন্ত আৰম্ভ কৰিছে। যুৱক জন ছিপাঝাৰৰ সানোৱা পঞ্চায়তৰ জি পি চি আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ