ৰূপহীহাটৰ কাৱৈমাৰী ইণ্ডিয়া অইল পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি
ৰূপহীহাটৰ কাৱৈমাৰী ইণ্ডিয়া অইল পেট্ৰোল পাম্পত উত্তপ্ত পৰিস্থিতি।
ৰূপহীহাটৰ কাৱৈমাৰী ইণ্ডিয়া অইল পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি


নগাঁও, ১৯ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ কাৱৈমাৰী ইণ্ডিয়া অইল পেট্ৰোল পাম্পত যোৱা কালি বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গ্ৰাহকে পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই তেল কমকৈ দিয়াৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে ১০০ টকাৰ পেট্ৰ'লত ৮০ টকাৰ পেট্ৰ'ল ভৰাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে পেট্ৰ'ল পাম্পটোৰ বিৰুদ্ধে। এইদৰে গ্ৰাহকক লুণ্ঠন চলাই থকাৰ অভিযোগ কাৱৈমাৰীস্থিত ইণ্ডিয়ান অইল পেট্ৰ'ল পাম্পটোৰ বিৰুদ্ধে। উল্লেখ্য যে পূৰ্বতেও কেইবাৰো গ্ৰাহক তেল কমকৈ দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে পেট্ৰোল পাম্পটোৰ বিৰুদ্ধে। এইক্ষেত্ৰত নগাঁও জিলা আয়ুক্তক পেট্ৰোল পাম্পটোৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। ইফালে বৃহস্পতিবাৰে উদ্ভৱ হোৱা পৰিস্থিতিৰ পাছত ঘটনাস্থলিত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande