মথুৰাপুৰত বাহনৰ খুন্দাত আহত প্ৰায় ভ্ৰমণকাৰী মহিলা
মথুৰাপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা স্কৰ্পিঅ বাহনৰ খুন্দাত মহিলা আহত ।
মথুৰাপুৰত বাহনৰ খুন্দাত আহত প্ৰায় ভ্ৰমণকাৰী মহিলা


চৰাইদেউ, ১৯ ডিচেম্বৰ (হি.স.): চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্লুচম স্কুলৰ সন্মুখত আজি পুৱা প্ৰাতঃভ্ৰমণ লৈ যোৱা এগৰাকী মহিলা বাহনৰ খুন্দাত আহত হয়। ধোদৰ‌আলি পথৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত সোণাৰি দিশৰ পৰা অহা এখন তীব্ৰ বেগী স্কৰ্পিঅ' বাহনে খুন্দা মৰাৰ ফলত মহিলা গৰাকী গুৰুতৰ ভাবে আহত হয় ।

আহত মহিলা গৰাকীৰ নাম ৰীনা দাস বুলি জনা গৈছে। আহত মহিলা গৰাকীক ততালিকে চৰাইদেউ জিলা চিকিৎসালয় ভৰ্তি কৰা হয় যদিও মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় এ এম চি লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ যে ধোদৰ‌ আলিত সঘনাই দূৰ্ঘটনা সংঘটিত হৈ আহিছে। নতুনকৈ নিৰ্মাণ কৰা পথটোৰ কাষত চাইড বাম নথকাৰ লগতে অনিয়ন্ত্ৰিত বাহনৰ গতি বেগে দূৰ্ঘটনাৰ কাৰণ হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande