
গুৱাহাটী, ১৯ ডিচেম্বৰ (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ শনিবাৰে অসমলৈ আহিব । ২০ আৰু ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টার্মিনেল উদ্বোধন কৰিব।
নৱনিৰ্মিত টাৰ্মিনেলৰ ভল্ট, প্ৰবেশপথ তথা বাটচ’ৰাত সংযোগ ঘটোৱা কলাত্মক আৰ্হিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন বিমান যাত্ৰীকে আনন্দিত কৰি তোলাৰ লগতে ঐতিহ্য আৰু আধুনিকতাৰ মাজত সংযোগ স্থাপন কৰা এক স্থাপত্য কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে । উত্তৰ-পূবৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিক প্ৰতিফলিত কৰি আটকধুনীয়া আৰু অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হৈছে টাৰ্মিনেলটো। অসমৰ ভলুকা আৰু অৰুণাচলৰ আপাটানি বাঁহেৰে বিভিন্ন আৰ্হি খোদিত কৰি নিৰ্মাণ কৰা হৈছে এই বাটচ’ৰা । কামাখ্যা মন্দিৰৰ পবিত্ৰ গম্বুজ, আহোমসকলৰ ৰাজকীয় ঐতিহ্যৰ মৈদাম, ঢাল, তৰোৱাল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত মঠ-মন্দিৰৰ স্থাপত্যৰ পৰা ইয়াৰ কলাসন্মত ৰূপ লোৱা হৈছে । এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ- বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথমবাৰলৈ বিজেপিৰ প্ৰধানমন্ত্ৰীয়ে দলৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিব। ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে জালুকবাৰীৰ পৰা এক ৰোড শ্ব’তো অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে দলীয় কৰ্মকৰ্তাসকলে ব্যাপক আয়োজন কৰিছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে সম্পূৰ্ণ সজাই তোলা হৈছে গুৱাহাটী চহৰ। নিৰাপত্তাৰ ব্যাপক ব্যৱস্থা কৰা হৈছে, আৰু প্ৰশাসন সম্পূৰ্ণ সতৰ্ক হৈ আছে।
অসম ভ্ৰমণৰ সময়ছোৱাত ২১ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ নামৰ এখন জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ এক বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা আৰু সুকলমে যাতায়তৰ প্ৰবাহ সুনিশ্চিত কৰাৰ বাবে ফেৰী সেৱা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিষয়াসকলৰ মতে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ২০ আৰু ২১ ডিচেম্বৰৰ দুপৰীয়া ১২ বজালৈ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা স্থগিত ৰখা হ’ব।
মেধাৱী শিক্ষাৰ্থীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত অংশগ্ৰহণৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দেওবাৰে অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে ৮৬০ গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত ২১ ডিচেম্বৰলৈ দৰ্শনাৰ্থীৰ বাবে শ্বহীদ স্মাৰক বন্ধ থাকিব বুলি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এখন জাননীযোগে প্ৰকাশ কৰিছে।
শ্ৰীমোডী সেইদিনাই ডিব্ৰুগড়ৰ নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল’ব। নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পোৰচেন লিমিটেডৰ বৰ্তমানৰ চৌহদত ১০ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া