
কাঠমাণ্ডু, ১৯ ডিচেম্বৰ (হি.স.)। আমেৰিকাত অবৈধভাৱে থাকি অনুপ্ৰৱেশ আইন উলংঘা কৰাৰ অপৰাধত ৭৫ জন নেপালী নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে। আজি পুৱা অম্নি এয়াৰ ইণ্টাৰনেশ্যনেলৰ বিমানেৰে এই লোকসকল কাঠমাণ্ডুত উপস্থিত হয়।
বিতাড়নৰ প্ৰস্তুতিৰ বাবে আমেৰিকাৰ প্ৰৱজন বিভাগে ৱাশ্বিংটন ডি চিৰ নেপালী দূতাবাসৰ সৈতে এই নাগৰিকসকলৰ সন্দৰ্ভত চিঠি-পত্ৰ লিখিছিল। ভাৰতৰ নতুন দিল্লীত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈ উপস্থিত হোৱা বিমানখনত অবৈধ অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰা ৭৫জন নেপালী নাগৰিক আছিল। বাল্টিমোৰৰ পৰা বুলগেৰিয়াৰ ৰাজধানী ছফিয়া হৈ নতুন দিল্লীত উপস্থিত হয় বিমানখন।
বিমানবন্দৰৰ প্ৰৱজন বিভাগৰ মুৰব্বী গোবিন্দ ৰিজালে জনোৱা মতে, বুধবাৰে স্থানীয় সময় অনুসৰি বাল্টিমোৰৰ পৰা পুৱা ৫ বজাত যাত্ৰা কৰা অমনি এয়াৰ ইণ্টাৰনেশ্যনেল চাৰ্টাৰ ফ্লাইট নম্বৰ অ’এই ৩৮৭৬ আজি পুৱা ৩:৩০ বজাত কাঠমাণ্ডুত উপস্থিত হয়। এই বিতাড়িত নেপালী নাগৰিকসকলক তেওঁলোকৰ বক্তব্য লিপিবদ্ধ হোৱাৰ পিছতে যাবলৈ অনুমতি দিয়া হৈছিল।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আমেৰিকাৰ প্ৰব্ৰজন নীতিৰ পৰিৱৰ্তনৰ বাবে ইতিমধ্যে ৩০০ৰো অধিক নেপালী নাগৰিকক বিতাড়িত কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ