আমেৰিকাত উজলিল অসমৰ ষ্টেফী গগৈ: 'মিছ গ্ল’বেল এচিয়া ২০২৫'ৰ খিতাপ অৰ্জন
আমেৰিকাত উজলিল অসমৰ জীয়ৰী: 'মিছ গ্ল’বেল এচিয়া ২০২৫'ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ।
আমেৰিকাত উজলিল অসমৰ ষ্টেফী গগৈ: 'মিছ গ্ল’বেল এচিয়া ২০২৫'ৰ খিতাপ অৰ্জন


ডিব্ৰুগড়, ১৯ ডিচেম্বৰ (হি.স.): সুদূৰ আমেৰিকাত নিজৰ প্ৰতিভাৰে জিলিকি উঠি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ জীয়ৰী ষ্টেফী গগৈয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অনুষ্ঠিত ‘এম্পাৱাৰিং গ্ল’বেল ৱমেনছ ফেষ্টিভেল’ (Empowering Global Women's Festival) ষ্টেফী গগৈয়ে ‘মিছ গ্ল’বেল এচিয়া ২০২৫’ (Miss Global Asia 2025)ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ৱাশ্বিংটনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ‘এম্পাৱাৰিং’ৰ উদ্যোগত যোৱা ৩০ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ।

আমেৰিকাত 'ইউজাৰ এক্সপেৰিয়েন্স ডিজাইনাৰ' (User Experience Designer) হিচাপে কৰ্মৰত ষ্টেফীৰ ঘৰ অসমৰ টিংখাঙৰ দিল্লীবাৰীত । অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া ৰামেশ্বৰ গগৈ আৰু বিজু গগৈৰ কন্যা ষ্টেফীয়ে পিতৃৰ কৰ্মসূত্ৰে পুনেত শিক্ষা জীৱন আৰম্ভ কৰা ষ্টেফীয়ে তাতেই কম্পিউটাৰ ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰে আৰু পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যাত্ৰা কৰে। আমেৰিকাত থাকিও নিজৰ শিপা পাহৰি যোৱা নাই ষ্টেফীয়ে । প্ৰতিযোগিতাখনৰ ‘টেলেন্ট ৰাউণ্ড’ত তেওঁ বিহু নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ উচ্চ প্ৰশংসা লাভ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেওঁ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ কনচাৰ্টত আৰু বলিউডৰ ছবি ‘জাগ্গা জাচুছ’তো (Jagga Jasoos) বিহু নৃত্য পৰিৱেশন কৰি অসমীয়া লোক-সংস্কৃতিৰ পৰিচয় দাঙি ধৰিছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande