
ওদালগুৰি, ১৯ ডিচেম্বৰ (হি.স.): ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বৰপুখুৰীৰ আস্থাবুল হকৰ পৰিয়ালে একে খন গাঁৱৰ দিপালী গোৱালা নামৰ এগৰাকী কিশোৰীক আজি ১২ বছৰৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে। কিশোৰী গৰাকীক ব্যক্তিগত স্কুলত নাম ভৰ্ত্তি কৰাই দিয়ে আৰু বৰ্তমান কিশোৰী জনী অষ্টম মান শ্ৰেণী পাইছে। কিশোৰী জনীয়ে আস্থাবুলৰ পৰিয়ালক ককা আইতা বুলি সম্বোধন কৰে ।
ইফালে সৰুৰে পৰাই তুলি তালি ডাঙৰ-দীঘল কৰা দিপালীক নিজৰ দেউতাকে ওভোটাই নিবলৈ অহাত আস্থাবুলৰ পৰিয়ালৰ লোক এতিয়া শোকত ভাঙি পৰিছে। যোৱা কালি সন্ধিয়াল দিপালিক তাইৰ দেউতাকে ঘৰলৈ উভতাই নিবলৈ আহিছিল।দিপালিৰ দেউতাক এজন সুৰাপায়ী সঘনাই দীপালিৰ মাকক মাৰধৰ কৰে। আনকি আস্থাবুলৰ পৰিয়ালক চোকা অস্ত্ৰেৰে প্ৰহাৰ কৰিব খোজে। শেষত উপায়ন্তৰ হৈ দিপালীক উভতাই দিবলৈ কলাইগাঁও আৰক্ষী থানাত উপস্থিত হয় দুয়োটা পৰিয়ালৰ লোকসকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ