টিহুৰ জলখানাত অগ্নিকাণ্ডৰ ঘটনা
টিহুৰ জলখানাত অগ্নিকাণ্ডৰ ঘটনা।
টিহুৰ জলখানাত অগ্নিকাণ্ডৰ ঘটনা


নলবাৰী, ১৯ ডিচেম্বৰ (হি.স.): নলবাৰী জিলাৰ টিহুৰ জলখানাত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে এটি পৰিয়াল। ধানখেৰৰ পুঁজিত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।

ঘটনাস্থলীত টিহু অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়। স্থানীয় লোকৰ পৰা জানিব পৰা মতে ন খোৱা চৌকাৰ আঙোঠা চিটিকি খেৰত পৰি জুই নিৰ্গত হৈ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande