
গোলাঘাট, ১৯ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও নাৰীকলগুৰি পেট্ৰ'ল পাম্পত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এটি মৃতদেহ উদ্ধাৰ কৰা হয়। স্বত্বাধিকাৰী তপন হাজৰিকাৰ পেট্ৰ'ল পাম্পৰ শৌচালয়ত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। শৌচালয়ৰ ভিতৰত সন্দেহজনক অৱস্থাত মৃত্যুমুখত পৰে যুৱক জন।
জানিব পৰা মতে মটৰ চাইকেলত অহা দুজন যুৱকৰ মাজৰ এজনে প্ৰস্ৰাৱ কৰিবৰ বাবে শৌচালয়ত সোমায়। আধা ঘণ্টাৰো অধিক সময় শৌচালয়ৰ ভিতৰত সোমাই থকাত সন্দেহ হোৱাত দুৱাৰ ভাঙি সোমাই মৃত অৱস্থাত প্ৰত্যক্ষ কৰে যুৱক জনক। যুৱক জন দেৰগাঁও বিলতিয়াৰ পৰাগ হাজৰিকা বুলি জানিব পৰা গৈছে যদিও ঘটনাৰ সঠিক কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো দেৰগাঁও সামূহিক চিকিৎসালয় লৈ নিয়াৰ ব্যৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ