
কোকৰাঝাৰ, ১৯ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ভোমৰাবিলত যোৱা কালি বৃহস্পতিবাৰে বিয়লি বি পি এফ দলৰ এক কৰ্মী সভা অনুষ্ঠিত হয়। তিনিখন ভি চি ডি চি ক্ৰমে ভোমৰাবিল, পলাশগুৰী আৰু ছেৰফানগুৰীৰ নৱ নিৰ্বাচিত সদস্য আৰু বি পি এফ দলৰ প্ৰাইমাৰী কমিটীৰ সদস্য সকলে এই সভাত অংশগ্ৰহণ কৰে। যৌথ কৰ্মী সভাত দলৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
বি পি এফ দলৰ কৰ্মী সভা খনত উপস্থিত থাকে ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ সভাপতি মুখলেছুৰ ৰহমানে। এই সভাতে তেওঁ অৰুণোদই আঁচনিৰ পৰা কৰ্তন হোৱা যোগ্য হিতকাৰীক পুনৰ অৰুণোদই দিয়া হ'ব বুলি ঘোষণা কৰে। সভাত বিটিচি চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক কামকাজৰ পৰা সৰ্বসাধাৰণ লোকসকল যাতে উপকৃত হয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ