
হোজাই ১৯ ডিচেম্বৰ (হি.স.): হোজাই চহৰত বিভিন্ন স্থানত আলোক সজ্জা গ্ৰহণ কৰা এখন বলিউডৰ চিনেমা অহা ১৬ জানুৱাৰীত মুক্তি লাভ কৰিব। বিহু এটেক নামৰ বলিউডৰ এই হিন্দী চিনেমা খনত প্ৰাণৰ শিল্পী গৰাকী জুবিন গাৰ্গে ছবিখনৰ এটা গীতত কণ্ঠদান কৰিছে ।
শীঘ্ৰেই মুক্তি লাভ কৰিব ছবি খন। হোজাইত পূৰ্ণ প্ৰথম বাৰৰ বাবে হোজাইতে শ্বুটিং কৰা বলিউডৰ হিন্দী চিনেমা বিহু এটেক শুভ মুক্তি লাভ কৰিব ১৬ জানুৱাৰীত। অসমৰ বিভিন্ন চিনেমা হলত দৰ্শকে দেখিবলৈ পাব।হোজাই বিভিন্ন স্থানৰ যুৱক-যুৱতী এই চিনেমা খনত অভিনয় কৰিছে। বিশেষ চৰিত্ৰত আছে দেৱ মনেৰিয়া, নায়িকা ৰূপত আছে দেজী চাহা আৰু লগত আছে বিভিন্ন বলিউডৰ তাৰকা। ছবিখন দৰ্শকে আদৰি ল'ব বুলি নিৰ্মাতা সকলে আশা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ