
কোকৰাঝাৰ, ১৯ ডিচেম্বৰ (হি.স.): আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত কৰাৰ বাবে দলৰ সকলো শাখা সংগঠন তৎপৰ হৈ উঠা সময়ত দলৰ সংখ্যালঘু মৰ্চাও ৰাইজৰ লগত জনসম্পৰ্ক স্থাপনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । জিলাৰ পৰা মণ্ডল পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত কৰি সংখ্যালঘুৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰি থকা সময়ত য়োৱা কালি বৃহস্পতিবাৰে বিয়লি শ্ৰীৰামপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত এখন কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত মৰ্চাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আছান আলীয়ে বিজেপি দল আৰু চৰকাৰৰ কল্যাণ মূলক কামৰ বিশ্লেষণ কৰি কয় বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু সকল সম অধিকাৰ, সম উন্নয়ন, সম মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে ।
চাকৰি বাকৰিৰ ক্ষেত্ৰতো সংখ্যালঘু সকলে যোগ্যতা অনুসৰি নিযুক্তি লাভ কৰিছে । চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি বন্টন কৰাৰ ক্ষেত্ৰতো সংখ্যালঘু সকলৰ লগত কোনো বৈষম্য কৰা হোৱা নাই । বিৰোধী দলে কেবল বিজেপিক সংখ্যালঘু বিৰোধী বুলি অপপ্ৰচাৰ কৰে কিন্তু বাস্তৱত বিজেপি দল সংখ্যালঘুৰ বাবে আশীৰ্বাদ বুলি মন্তব্য কৰে আছান আলীয়ে । তেঁও কংগ্ৰেছক সংখ্যালঘু বিৰোধী বুলি আখ্যা দিয়ে। কংগ্ৰেছ স্বাধীনতাৰ পাছত সংখ্যালঘু বিশেষকৈ মুছলমানক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। যাৰ বাবেই আজি বহু মুছলমানৰ নিজা মাটি নাই। ভূমিহীন সকলক চৰকাৰী মাটিত অবৈধ ভাৱে বসবাস কৰিবলৈ বাধ্য কৰাইছিল কংগ্ৰেছ দলে। এই কংগ্ৰেছ আৰু অসমত ক্ষমতাত নাহে। ২০২৬ ত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত আৰু অসমৰ সংখ্যাগৰিষ্ঠ সংখ্যালঘুৰ সমৰ্থন বিজেপিৰ লগত থাকিব। কোকৰাঝাৰ জিলাৰ পাঁচখন বিধানসভা সমষ্টিত এনডিএ দলে ভাল ফলাফল কৰিব বুলিও আছান আলীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ