কাজলগাঁওত বিটিচি হস্থতাত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালকালয়ৰ সহযোগত কেঁচা সামগ্ৰী যোগান আঁচনিৰ সজাগতা শিবিৰ
চিৰাং, ১৯ ডিচেম্বৰ (হি.স.)। চিৰাং জিলা সদৰ কাজলগাঁও স্থিত কাজলগাঁও পৌৰ সভাৰ সভাকক্ষত ৰাষ্ট্ৰীয় হস্থতাত বিকাশ নিগম লিমিটেডৰ উদ্যোগত আৰু বিটিচি হস্থতাত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালকালয়ৰ সহযোগত কেঁচা সামগ্ৰী যোগান আঁচনিৰ সজাগতা শিবিৰ অনুষ্ঠিত হয় । আজি
কাজলগাঁওত বিটিচি হস্থতাত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালকালয়ৰ সহযোগত কেঁচা সামগ্ৰী যোগান আঁচনিৰ সজাগতা শিবিৰ


চিৰাং, ১৯ ডিচেম্বৰ (হি.স.)। চিৰাং জিলা সদৰ কাজলগাঁও স্থিত কাজলগাঁও পৌৰ সভাৰ সভাকক্ষত ৰাষ্ট্ৰীয় হস্থতাত বিকাশ নিগম লিমিটেডৰ উদ্যোগত আৰু বিটিচি হস্থতাত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালকালয়ৰ সহযোগত কেঁচা সামগ্ৰী যোগান আঁচনিৰ সজাগতা শিবিৰ অনুষ্ঠিত হয় ।

আজিৰ সজাগতামূলক অনুষ্ঠান উদ্বোধন কৰি বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য বেগম আকতাৰা আহমেদে কয় দেশৰ ভিতৰতে বিটিচিৰ হস্ততাঁত তথা বস্ত্ৰশিল্প বিভাগ যথেষ্ট চহকী। সেয়ে বিটিচি অঞ্চলৰ থলুৱা শিপিনী সকলক অধিক চহকী কৰাৰ উদ্দেশ্যে বিভাগীয় ভাৱে শিপিনী সকলৰ মাজত কেচা সামগ্ৰী যোগান আঁচনীৰ জৰিয়তে কেচা সামগ্ৰী বিতৰণ কৰা হব আৰু ইয়াৰ বাবে এক সজাগতা সভাৰ আহ্বান কৰা হৈছে ।

যাতে শিপিনী সকল অধিক হাৰত এই সুবিধা গ্ৰহণৰ বাবে আগবাঢ়ি আহে। কাৰ্যবাহী সদস্য গৰাকীয়ে শিপিনী সকলৰ মাজত কেচা সামগ্ৰী বিতৰণ আঁচনিৰ পাছবুক বিতৰণ কৰে । আজিৰ সজাগতামূলক অনুষ্ঠানত বিটিচিৰ হস্ততাঁত বিভাগৰ কাৰ্যবাহী সদস্য বেগম আকতাৰা আহমেদৰ উপৰি চিৰাং জিলা আয়ুক্ত যতীন বৰা, বিটিচি হস্ততাঁত বিভাগৰ সঞ্চালিকা হিৰণ্ময়ী দেবী, ৰাষ্ট্ৰীয় হস্ততাঁত বিকাশ নিগম লিমিটেডৰ আঞ্চলিক প্ৰৱন্ধক সন্দীপ চেতিয়া আৰু চিৰাং জিলা হস্ততাঁত বিভাগৰ সহকাৰী সঞ্চালক খন্দকাৰ নুৰুল ইচলাম উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande