
দৰং, ১৯ ডিচেম্বৰ (হি.স.): উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালৰ উদ্যোগত ডিচেম্বৰ মাহটো দুর্ঘটনা সজাগতা আৰু প্ৰতিৰোধ মাহ হিচাপে পালন কৰা হৈছে। এই 'সন্দর্ভত মঙলদৈ প্ৰেছ ক্লাৱত কালি সন্ধিয়া সংবাদ মেলৰ আয়োজন কৰে।
সংবাদ মেলত দুর্ঘটনাৰ কাৰণসমূহ, ইয়াক নিৰাময়ৰ বিভিন্ন উপায়ৰ লগতে দুঘটনাগ্রস্ত ৰোগীসকলৰ জীৱন কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত বিশদভাবে আলোচনা কৰা হয়। জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ইনামূল হক, ডাঃ সৌৰভকুমাৰ দাস আৰু এম্বুলেঞ্চ সেৱাৰ মুৰব্বী মঃ ৰছিদুল ইছলামে সংবাদ মেলত উপস্থিত থাকি সাংবাদিক সকলক সম্বোধি দুর্ঘটনাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা দাঙি ধৰে। ২০১০ ৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতত পথ দুর্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ প্রায় ১৮ শতাংশ বৃদ্ধি পাইছে। যোৱা তিনি দশকত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৯৩,০০০ ৰো অধিক দুর্ঘটনাগ্রস্ত ৰোগীক জিএনআৰচি হাস্পতালত চিকিৎসা প্রদান হৈছে। ইয়াৰ ভিতৰত প্রায় ৩৬০০ জন ব্যক্তি দৰং জিলাৰ আছিল।
হেলমেট আৰু চিটবেল্ট পৰিধান কৰি আৰু গাড়ী চলোৱাৰ সময়ত সুৰাপান পৰিহাৰ কৰি বহু দুর্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰি। তদুপৰি দুর্ঘটনাগ্রস্ত ব্যক্তি এজনক সময়মতে চিকিৎসালয়লৈ নিব পাৰিলে প্রাণ ৰক্ষাৰ সম্ভাৱনা বাঢ়ি যায় বুলিও মন্তব্য কৰে চিকিৎসকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ