তেলেংগানা আৰক্ষীৰ ওচৰত ৪০ মাওবাদীৰ আত্মসমৰ্পণ
হায়দৰাবাদ, ১৯ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত চলি থকা অপাৰেচন কাগাৰে মাওবাদীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। এতিয়ালৈকে কেইবাজনো জ্যেষ্ঠ মাওবাদী নেতাই এনকাউণ্টাৰত নিহত হোৱাৰ বিপৰীতে মৃত্যুৰ আশংকাত বহু সৰু সৰু মাওবাদীয়ে নিজৰ অস্ত্ৰ-শস্ত্ৰ
तेलंगाना पुलिस महानिदेशक


হায়দৰাবাদ, ১৯ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত চলি থকা অপাৰেচন কাগাৰে মাওবাদীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। এতিয়ালৈকে কেইবাজনো জ্যেষ্ঠ মাওবাদী নেতাই এনকাউণ্টাৰত নিহত হোৱাৰ বিপৰীতে মৃত্যুৰ আশংকাত বহু সৰু সৰু মাওবাদীয়ে নিজৰ অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক অৰ্পণ কৰিছে। শুকুৰবাৰে ৰাজ্যৰ আৰক্ষী অধীক্ষকৰ আগত ৪০ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰি আৰক্ষীক অস্ত্ৰ-শস্ত্ৰ গতাই দিয়ে।

আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত তেলেংগানাৰ আৰক্ষী সঞ্চালক প্ৰধান শিৱাধৰ ৰেড্ডী আৰু অন্যান্য উচ্চপদস্থ বিষয়াৰ উপস্থিতিত ৪০ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰি হিংসাৰ পৰা ত্যাগ কৰি মূলসুঁতিৰ সমাজত যোগদানৰ আৰম্ভণি ঘটায়। এই মাওবাদীসকলৰ অধিকাংশই ছত্তীশগড়ৰ পৰা ২৪টা আগ্নেয়াস্ত্ৰ আৰক্ষীক জমা দিছিল। আৰক্ষীৰ তথ্য অনুসৰি আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছে কামাৰেড্ডীৰ ৰাজ্যিক সমিতিৰ সম্পাদক এৰাগোলা ৰবি, ওড়িশা আৰু ছত্তীশগড়ৰ ছয়জন সংমণ্ডল সমিতিৰ সদস্য আৰু তেলেংগানাৰ দুজন। আৰক্ষীয়ে লগতে জনাইছে যে এই এনকাউণ্টাৰত নিহত হোৱা হিদমা বেটেলিয়নৰ একাংশ কমাণ্ডাৰ আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত অন্যতম। এই উপলক্ষে আৰক্ষী সঞ্চালক প্ৰধান শিৱধৰ ৰেড্ডীয়ে উল্লেখ কৰে যে অধিকাংশ মাওবাদী ছত্তীশগড়ৰ। এই মাওবাদীসকলৰ পৰা ২৪টা বন্দুক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ৰেড্ডীয়ে লগতে কয় যে আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত কেন্দ্ৰীয় সমিতি পৰ্যায়ৰ দুজন কমাণ্ডাৰো আছে।

নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ অহৰহ হেঁচাত বহু সংখ্যক মাওবাদী নেতা আৰু তেওঁলোকৰ কেডাৰে স্বেচ্ছাই আত্মসমৰ্পণ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, মাওবাদীৰ প্ৰতি জনসমৰ্থন হ্ৰাস পোৱা, আৰক্ষীৰ আক্ৰমণাত্মক আচৰণ, মাওবাদী দলৰ নেটৱৰ্ক দুৰ্বল হোৱা, ৰোগ বিয়পি পৰা, এনকাউণ্টাৰৰ ভয়, মতাদৰ্শগত মতানৈক্য, তেলেংগানা চৰকাৰে আকৰ্ষণীয় পুনৰ্বাসন নীতি ঘোষণা কৰাৰ বাবে আত্মসমৰ্পণৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মাত্ৰ নৱেম্বৰ মাহত ৰাজ্যিক সমিতিৰ তিনিজন সদস্যকে ধৰি ৩৭জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল। তদুপৰি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কেইবাজনো বিশিষ্ট মাওবাদীকে ধৰি বহু সংখ্যক মাওবাদী নিহত হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande