ওদালগুৰিত বিলাসী বাহনৰ পৰা জব্দ চুৰি গৰু,ছয়জন চোৰক গ্ৰেপ্তাৰ
ওদালগুৰি, ১৮ ডিচেম্বৰ (হি.স.)। গৰু চুৰি কৰা চোৰৰ নতুন ফৰ্মূলা। বিলাসী বাহন জাইলো,বেলেনো আৰু টাটা পাঞ্চ তিনিখনকৈ বাহনত কঢ়িয়াই নিয়া গৰু জব্দ। ২৩ টাকৈ চুৰি গৰু উদ্ধাৰ কৰাৰ লগতে গৰু সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত ছয়জন চোৰক গ্ৰেপ্তাৰ কৰিলে ওদালগুৰি আৰক
ওদালগুৰিত বিলাসী বাহনৰ পৰা জব্দ চুৰি গৰু,ছয়জন চোৰক গ্ৰেপ্তাৰ


ওদালগুৰি, ১৮ ডিচেম্বৰ (হি.স.)। গৰু চুৰি কৰা চোৰৰ নতুন ফৰ্মূলা। বিলাসী বাহন জাইলো,বেলেনো আৰু টাটা পাঞ্চ তিনিখনকৈ বাহনত কঢ়িয়াই নিয়া গৰু জব্দ। ২৩ টাকৈ চুৰি গৰু উদ্ধাৰ কৰাৰ লগতে গৰু সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত ছয়জন চোৰক গ্ৰেপ্তাৰ কৰিলে ওদালগুৰি আৰক্ষীয়ে।

ধৃত গৰু চোৰ কেইটা ক্ৰমে মঙ্গলু ধাৰা, অজয় মুণ্ডা,বাহাদুৰ মুণ্ডা, গৰীয়াঝাৰৰ মজিবুৰ ৰহমান, চিকনমাটিৰ কিতাপ আলী, শিবপুৰৰ চামৰ আলী মোহনপুৰ । গৰু চুৰিৰ সৈতে জৰিত আটাইকেইজন ওদালগুৰি জিলাৰ আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । চুৰি গৰু কেইটা জিলা খনৰ ডিমাকুছি আৰু ওদালগুৰি গোশালাত ৰখা হৈছে বুলি ভেৰগাঁৱ মহকুমা আৰক্ষী অধীক্ষক গৰাকীয়ে অবগত কৰাৰ লগতে গৰু চুৰিৰ বৃহৎ গেং থকাৰ কথা সদৰি কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande