ৰাজ্যিক মৰ্য্যাদাৰে শ্ৰীভুমিৰ মালেগড় টিলাত চিপাহী বিদ্ৰোহৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী জ্ঞাপন
শ্ৰীভুমি, ১৮ ডিচেম্বৰ (হি.স.)। ৰাজকীয় মৰ্য্যাদাৰে আজি শ্ৰীভুমিৰ মালেগড় টিলাত চিপাহী বিদ্ৰোহৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । ১৮ ডিচেম্বৰৰ দিনা চিপাহী বিদ্ৰোহৰ স্মৃতি বিজৰিত শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৰ কাইটিয়া তাৰৰ নিলগত থকা মালেগঢ় টিলাত
ৰাজ্যিক মৰ্য্যাদাৰে শ্ৰীভুমিৰ মালেগড় টিলাত চিপাহী বিদ্ৰোহৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী জ্ঞাপন


শ্ৰীভুমি, ১৮ ডিচেম্বৰ (হি.স.)। ৰাজকীয় মৰ্য্যাদাৰে আজি শ্ৰীভুমিৰ মালেগড় টিলাত চিপাহী বিদ্ৰোহৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । ১৮ ডিচেম্বৰৰ দিনা চিপাহী বিদ্ৰোহৰ স্মৃতি বিজৰিত শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৰ কাইটিয়া তাৰৰ নিলগত থকা মালেগঢ় টিলাত শ্বহীদ সকলৰ স্মৃতি সৌধত প্ৰতি বছৰৰ দৰে এই বছৰো শ্ৰীভুমি প্ৰশাসনৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । এইবেলিও জিলা প্ৰশাসন, বিভিন্ন সংস্থা আৰু সীমা সুৰক্ষা বাহিনীৰ জোৱানে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰে |

চিপাহী বিদ্ৰোহৰ ১৬৭ বছৰ পূৰ্ণ হৈছে এইবাৰ । অনুষ্ঠান উপলক্ষে স্মৃতিসৌধত পুষ্পার্ঘ্য অর্পণ, বন্তি প্ৰজ্জলন আদিকে ধৰি সীমান্ত সুৰক্ষা বাহিনীৰ ফালৰ পৰা গাৰ্ড অফ অনাৰ জনোৱা হয় । ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ স্মৃতি বিজৰিত ঠাই শ্ৰীভুমি জিলাৰ লাতুত থকা মালেগড় টিলাত বিগত পাচ বছৰৰ পৰা ৰাজ্য চৰকাৰৰ নিৰ্দেশত শ্বহীদ সকলক ৰাজকীয় মৰ্য্যদাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হৈ আছে ।

উল্লেখ্য, ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ জুই দেশব্যাপি বিয়পিলে তেতিয়াৰ অবিভক্ত ভাৰতৰ (বৰ্তমান বাংলাদেশ) চিটাগঙ কোষাগাৰৰ পৰা ভাৰতীয় সৈন্যয় অস্ত্ৰভাণ্ডাৰ লুন্ঠন কৰি পলাই আহিলে ঠাইটোত ব্ৰিটিশ সেনাৰ সৈতে তুমুল যুজ হয় । দুগৰাকী ব্ৰিটিশ সৈন্য নিধন হোৱাৰ বিপৰিতে ২৬ গৰাকী ভাৰতীয় সেনাই প্ৰাণাহুতি দিছিল স্থানডোখৰত । অসমৰ‌ একমাত্ৰ চিপাহী বিদ্ৰোহৰ স্মৃতি বিজৰিত স্থান তথা বুৰঞ্জী বিখ্যাত স্থান ডোখৰক আগন্তুক দিনত অধিক উন্নতি সাধন কৰি এক বৃহত পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ চৰকাৰী পৰিকল্পনাৰ বিষয়ে বিভিন্ন সময়ত ঘোষনা কৰা হলেও আজিলৈকে অসমৰ এটি গুৰুত্বপূৰ্ণ স্থান ডোখৰত কোনো ধৰনৰ চৰকাৰি উন্নয়নৰ কাম হোৱা নাই |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande