টিংখাঙৰ টিপমীয়াত মৃদঙীয়া গায়ন-বায়নৰ বিশাল সমাৰোহৰ আয়োজন
ডিব্ৰুগড়, ১৮ ডিচেম্বৰ (হি.স.)। টিংখাঙৰ টিপমীয়াত মৃদঙীয়া গায়ন-বায়নৰ বিশাল সমাৰোহৰ আয়োজন। ভক্তিৰসেৰে আপ্লুত হ’ব টিংখাঙৰ টিপমীয়া। ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ সৌজন্যত আৰু টিপমীয়া, ধোৱাপথাৰ তথা ৰাজগড়বাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ’
টিংখাঙৰ টিপমীয়াত মৃদঙীয়া গায়ন-বায়নৰ বিশাল সমাৰোহৰ আয়োজন


ডিব্ৰুগড়, ১৮ ডিচেম্বৰ (হি.স.)। টিংখাঙৰ টিপমীয়াত মৃদঙীয়া গায়ন-বায়নৰ বিশাল সমাৰোহৰ আয়োজন। ভক্তিৰসেৰে আপ্লুত হ’ব টিংখাঙৰ টিপমীয়া। ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ সৌজন্যত আৰু টিপমীয়া, ধোৱাপথাৰ তথা ৰাজগড়বাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ’ব মৃদঙীয়া গায়ন-বায়ন সংস্থা, অসমৰ দ্বিতীয় দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন।

আজি মাংগলিক ধ্বনিৰ মাজেৰে বিশাল সমাৰোহৰ লাইখুঁটা স্থাপন কৰিলে মন্ত্ৰী বিমল বড়াই । টিপমীয়া ধোৱা পথাৰ বৰনামঘৰৰ সম্মুখৰ খেল পথাৰত অহা ৩ আৰু ৪ তাৰিখে মৃদঙীয়া গায়ন-বায়নৰ দ্বি-বার্ষিক অধিৱেশন আৰু ৫ তাৰিখৰ পৰা ১২ জানুৱাৰীলৈ সাতদিনীয়া অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে ।

অনুষ্ঠানত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে বাহৰ কৰিব । আজিৰ লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে চামুগুৰিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। দেৱবাদ্য মৃদংগক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ লক্ষ্যৰে কাৰ্যসূচী আয়োজন কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande