
গোলাঘাট, ১৮ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত বাঘৰ আতংক বিৰাজ কৰিছে। বিগত এমাহ ধৰি দেৰগাঁৱৰ বিভিন্ন অঞ্চলত বাঘে আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছে। আজি পূৱাতে পোৱালী সহ নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে।
দেৰগাঁৱৰ জেলেহুৱা গাঁৱৰ পথাৰত দেখা গ'ল বাঘে পোৱালিক লৈ খেলি থকা দুলৰ্ভ দৃশ্য। জেলেহুৱা গাঁৱৰ ইটাখুলী হাবিৰ কাষতে থকা এখন পথাৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এই দৃশ্য। জনবসতিপূৰ্ণ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ নিচেই সমীপতে ওলোৱা নাহৰফুটুকী বাঘৰ এই দৃশ্য চাবলৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় গাঁওখনিত। ইতিমধ্যে দুদিন পূৰ্বে গাঁও খনৰ গাঁও প্ৰধান সূৰ্য মোহন হাজৰিকাৰ এটি গৰু পোৱালীক এই স্থানতে আক্ৰমণ কৰিছিল বাঘে। ঘটনাস্থলীত দেৰগাঁও বন বিভাগৰ লোক উপস্থিত হৈ বাঘৰ উপস্থিতি নিশ্চিত কৰি ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ