কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলত হাতীৰ উপদ্ৰৱ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলত হাতীৰ উপদ্ৰৱ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলত হাতীৰ উপদ্ৰৱ


গোলাঘাট, ১৮ ডিচেম্বৰ (হি.স.): কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলত হাতীৰ উপদ্ৰৱ চলিব ধৰিছে। ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ বৃহৎ জাকে উপদ্ৰৱ চলাইছে জনাঞ্চলত।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ কাষৰীয়া হাতীখুলিত কালি নিশা অহা হাতীৰ জাকে তহিলং কৰিলে বাসগৃহ। নিশা শুই থকা অৱস্থাতে হাতীয়ে বাসগৃহটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাত কোনোমতে লৰা ছোৱালীলৈ পলাই সাৰে ঘৰটোত থকা মহিলাগৰাকী। ইফালে আজি পুৱা বন বিভাগক খবৰ দিয়াত ফটকাৰ এটা পেকেট প্ৰদান কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্যে যে ঘনাই বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিছে কাজিৰঙাত। আনহাতে বন বিভাগে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ নিদিয়াৰো অভিযোগ উত্থাপন হৈ আহিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande