দেৰগাঁও মুদৈগাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা
দেৰগাঁও মুদৈগাঁৱৰ গুণীপ্ৰভা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিব্য বৰাৰ বিদায় সভা সম্পন্ন।
দেৰগাঁও মুদৈগাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা


গোলাঘাট, ১৮ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও মুদৈগাঁৱৰ গুণীপ্ৰভা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিব্য বৰাৰ যোৱা কালি বিয়লি বিদায় সভা সম্পন্ন হয় । দেৰগাঁৱৰ চৰকাৰী মাধ্যমৰ অন্যতম এক অগ্ৰণী শিক্ষানুষ্ঠান গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিব্য বৰাৰ বিদায় সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য় যে অৱসৰী শিক্ষক দিব্য বৰাই ২০০৩ চনৰ ১ চেপ্তেম্বৰৰ পৰা বিদ্যালয় খনত সেৱা আগবঢ়ায়। ২০২৩ চনৰ আগষ্ট মাহৰ ১ তাৰিখৰ পৰা ২০২৫ চনৰ ৩০ চেপ্তেম্বৰলৈ প্ৰধান শিক্ষকৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি অৱসৰ গ্ৰহণ কৰে। অৱসৰী শিক্ষক দিব্য বৰা এজন লেখক হিচাপেও সুকীয়া পৰিচয় আছে।

আজি এই বিদায় সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও সম্বৰ্ধনা জ্ঞাপন কৰে। পুৱা সদ্য অৱসৰী শিক্ষক জনক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে আদৰি আনে। বিদায় সম্ভাষণ গ্ৰহণ কৰি দিব্য বৰা আৱেগিক হৈ পৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande