
মৰিগাঁও, ১৮ ডিচেম্বৰ (হি.স.)। লুইতৰ বুকুত অনুষ্ঠিত হব লগীয়া পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী স্থিত পিএম শ্ৰী আদৰ্শ বিদ্যালয়ৰ ছাত্ৰী কৃষ্টি লীনা বৰাই। কৃষ্টি লীনা বৰা মৈৰাবাৰীৰ পিএম শ্ৰী আদৰ্শ বিদ্যালয়ৰ ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী।
ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অত্যাধুনিক ৰিভাৰ ক্ৰজ চৰাইদেউ ২ ত অনুষ্ঠিত কৰিব লগীয়া পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচীটোত কৃষ্টি লীনা বৰাৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰী গৰাকীয়ে এই সকল ছাত্ৰ ছাত্ৰীৰ সৈতে লুইতৰ বুকুত মত বিনিময় কৰিব। উল্লেখ্য যে কৃষ্টি লীনা বৰাই ইয়াৰ পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল বুলি অধ্যক্ষ লুৎফুৰ ৰহমানে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা