বাক্সাত জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ প্ৰতিবাদ
বাক্সা, ১৮ ডিচেম্বৰ (হি.স.)। জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ দল। বাক্সা জিলাৰ শালবাৰীত আজি কংগ্ৰেছ দলে তীব্ৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে
বাক্সাত জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ প্ৰতিবাদ


বাক্সা, ১৮ ডিচেম্বৰ (হি.স.)। জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ দল। বাক্সা জিলাৰ শালবাৰীত আজি কংগ্ৰেছ দলে তীব্ৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

শালবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত সাউদৰভিঠাত এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সকলে বিজেপি চৰকাৰ হায় হায়, জল জীৱন আঁচনিত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে।

শালবাৰী ব্লক কংগ্ৰেছৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে এই ধৰ্ণা কাৰ্যসূচীত।

বাক্সা জিলা কংগ্ৰেছ দলৰ সভাপতি বুদ্ধদেৱ ফাদাঙাৰীয়ে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অতিশীঘ্ৰে জল জীৱন আঁচনিত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰি ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী জনায়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande