শিৱসাগৰ জিলাৰ ৰূপহীমুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা
শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ ৰূপহীমুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা।
শিৱসাগৰ জিলাৰ ৰূপহীমুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা


শিৱসাগৰ, ১৮ ডিচেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰূপহীমুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত এজন লোক নিহত হয় আৰু আন তিনিজন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা ঘন কুঁৱলীৰ বাবে একে দিশতে গৈ থকা এইচআৰ ৩৯ ২৩৫৯ নম্বৰৰ এখন ডাম্পাৰত খুণ্ডা মাৰে এএছ ০৪ এজে ৩৮৬৩ নম্বৰৰ এখন হোণ্ডাই এক্সট্ৰীয়াৰ বাহনে। জানিব পৰা মতে বিপুল হাতীমূৰীয়া(৫১) নামৰ ব্যক্তিজন পৰিয়াল সহিতে নলবাৰীৰ পৰা শিৱসাগৰ বেতবাৰীস্থিত গৃহাভিমুখে অভিমুখে আহি থকা অৱস্থাতেই দুৰ্ঘটনাটো সংঘটিত হয় । ঘন কুঁৱলীৰ একে দিশত গৈ থকা ডাম্পাৰখনত প্ৰচণ্ড জোৰে খুণ্ডা মাৰে বাহনখনে।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰে ।

স্থানীয় লোকে ততাতৈয়াকৈ দুৰ্ঘটনাত পতিত পৰিয়ালটোক জৰুৰী সেৱাযোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বিপুল হাতীমূৰীয়াক(৫১) চিকিৎসকে মৃত ঘোষণা কৰে । আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত বিপুল হাতীমুৰীয়াৰ ২বছৰীয়া সন্তান নমিতা চুতীয়া আৰু চালক অৰুণ জ্যোতি শীলৰ কথমপি প্ৰাণ ৰক্ষা পৰে। আহত কেইজন বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। বৰ্তমান নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেন যুক্ত পথৰ নিৰ্মাণত নিয়োজিত একাংশ ডাম্পাৰ চালকৰ মইমতালিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়। পথৰ কোনো লাইট নজ্বলোৱাকৈ শিৱসাগৰ অভিমুখে গৈ আছিল ডাম্পাৰ দুখন।ঘন কুঁৱলীৰ বাবেই ডাম্পাৰ কেইখন দেখা পোৱা নাছিল হোণ্ডাই এক্সট্ৰিয়াৰ বাহনখনৰ চালকে।

ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande