
নলবাৰী, ১৮ ডিচেম্বৰ (হি.স.): নলবাৰী জিলাৰ পাঠশালা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি বুধবাৰে সন্ধিয়া পথ দূৰ্ঘটনা সংঘটিত হয় ৷ আনন্দৰাম বৰুৱা একাডেমিৰ সমীপতে দূৰ্ঘটনাত লিপ্ত হয় এএছ ২৫ ইচি ১২৮৮ নম্বৰৰ এখন এচি বাছ আৰু এএছ ০১ জিএন ৩১৩৭ নম্বৰৰ চাৰিচকীয়া চুইফট বাহনৰ। দুৰ্ঘটনাটোত চুইফট গাড়ীখনৰ ক্ষতি হয়। বাছখনে বহু দুৰলৈ চোচৰাই লৈ যায় চুইফট গাড়ীখন৷ দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছখনৰ চালক হেণ্ডিমেনে৷বাছৰ চালক জন সুৰামত্ত অৱস্থাত থকা বুলি অভিযোগ তোলে যাত্ৰীসকলয়ে৷ কথমপি প্ৰাণ ৰক্ষা পৰে দুয়োখন বাহনৰে যাত্ৰীসমূহৰ৷ ইফালে বজালীৰ সাংবাদিকৰ তৎপৰতাত বাছৰ যাত্ৰীসকলক আন আন বাহনেৰে গন্তৱ্য স্থানলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷ দূৰ্ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা বাৱে সাংবাদিকেই পালন কৰে ট্ৰেফিক পুলিচৰ দায়িত্ব৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ