হোটেল ব্যৱসায়েৰে স্বাৱলম্বী ৰঙিয়াৰ মহিলা
কামৰূপ,‌ ১৮ ডিচেম্বৰ (হি.স.)। কামৰূপ জিলাৰ ৰঙিয়াৰ এগৰাকী মহিলাই দেখুৱাইছে আদৰ্শ । হোটেল ব্যৱসায়েৰে স্বাৱলম্বী হ''বলৈ সমৰ্থ হৈছে নমিতা কলিতা নামৰ মহিলাগৰাকী। হোটেল ব্যৱসায়েৰে আৰ্থিকভাৱে জুৰুলা ঘৰখনক সকাহ দিবলৈ সক্ষম হৈছে নমিতা কলিতা । উল্লেখ্য
হোটেল ব্যৱসায়েৰে স্বাৱলম্বী ৰঙিয়াৰ মহিলা


কামৰূপ,‌ ১৮ ডিচেম্বৰ (হি.স.)। কামৰূপ জিলাৰ ৰঙিয়াৰ এগৰাকী মহিলাই দেখুৱাইছে আদৰ্শ । হোটেল ব্যৱসায়েৰে স্বাৱলম্বী হ'বলৈ সমৰ্থ হৈছে নমিতা কলিতা নামৰ মহিলাগৰাকী। হোটেল ব্যৱসায়েৰে আৰ্থিকভাৱে জুৰুলা ঘৰখনক সকাহ দিবলৈ সক্ষম হৈছে নমিতা কলিতা ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত লাভ কৰা প্ৰশিক্ষণ জৰিয়তে হোটেল ব্যৱসায়েৰে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে নমিতা কলিতা । নমিতা কলিতাই নিজ হাতেৰে বিভিন্ন খাদ্যবস্তু তৈয়াৰ কৰি গ্ৰাহকৰ সমাদৰ লাভ কৰিছে । মুখ্যমন্ত্ৰীয়ে এইগৰাকী উদ্যমী মহিলাৰ স্বনিৰ্ভৰশীলতাৰ বাবে যথেষ্ট প্ৰশংসা কৰিছে । মহিলা সকলক আৰ্থিকভাৱে আগুৱাই নিয়াৰ বাবে ৰূপায়ণ কৰা মহিলা উদ্যমিতা আঁচনিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে নমিতাৰ লগতে সচেতন লোকে । চৰকাৰী আঁচনিৰ ধনৰ সদ্ব্যৱহাৰ কৰি স্বাৱলম্বী হোৱা নমিতা কলিতা অঞ্চলটোৰ অন্য মহিলা সকলৰ আদৰ্শ হৈ পৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande