
যোৰহাট, ১৮ ডিচেম্বৰ (হি.স.)।
যোৰহাটত আছাম ষ্টেট পাৱাৰ ৱৰ্কছ ইউনিয়ন যোৰহাট মণ্ডলৰ ধৰ্ণা কাৰ্য সূচী ৰূপায়ন কৰা হয়। আছাম ষ্টেট পাৱাৰ ৱৰ্কছ ইউনিয়নৰ আহ্বান মৰ্মে আজি যোৰহাট জিলাৰ বিদ্যুৎ ভৱনত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
কেইবাটাও দাবী উত্থাপন কৰি যোৰহাটৰ বিদ্যুৎ ভৱনৰ বাকৰি উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।
বিদ্যুৎ পৰিস্থিতি উন্নতিৰ কাৰণে ৰাজহুৱা খণ্ডৰ উৎপাদন কোম্পানী শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ জৰিয়তে ৰাজ্যখনৰ বিদ্যুৎ উৎপাদন, সংবহন আৰু বিতৰণৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰা, তিনিওটা কোম্পানীৰ কৰ্মচাৰী সকলক সময়মতে পদোন্নতি আদায় দিয়া, নগদবিহীন চিকিৎসা প্রদান কৰা, আই টি আই প্রশিক্ষণ প্রাপ্ত কর্মচাৰী সকলক অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰী সকলৰ দৰে দৰমহা গাঠনি প্ৰৱৰ্তন কৰা, এনপিএছৰ পৰিৱৰ্তে পূৰণি পেঞ্চন নীতি বাহাল ৰখা, অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত আসাম স্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু