ডিব্ৰুগড়ত আসাম ষ্টেট পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ প্ৰতিবাদ
ডিব্ৰুগড়, ১৮ ডিচেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো আসাম ষ্টেট পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। চহৰখনৰ নিজ কদমণিৰ সহকাৰী মহাপ্ৰৱন্ধকৰ কাৰ্য্যলয়ৰ চৌহদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কৰ্মীসকলে তৃতীয়
ডিব্ৰুগড়ত আসাম ষ্টেট পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ প্ৰতিবাদ


ডিব্ৰুগড়, ১৮ ডিচেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো আসাম ষ্টেট পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

চহৰখনৰ নিজ কদমণিৰ সহকাৰী মহাপ্ৰৱন্ধকৰ কাৰ্য্যলয়ৰ চৌহদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কৰ্মীসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰক, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ Servic Regulation আৰু Service Manual প্রবর্তন কৰক, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডন কর্মচাৰী সকলক এপিজিচিএল আৰু এইজিচিএলৰ দৰে প্ৰৱেচন পিৰিয়দৰ ম্যাদ এবছৰীয়া কৰাৰ লগতে বকেয়া ধনৰাশি অতি সোনকালে আদায় দিয়াৰ ব্যৱস্থা কৰক, নগদ বিহীন চিকিৎসা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰক, আই.টি.আই প্রশিক্ষণ প্রাপ্তত কর্মচাৰী সকলৰ ক্ষেত্ৰত এটা সুকীয়া দৰমহা গাঠনি আদায় দিয়াৰ ব্যৱস্থা কৰক, ৩৩/১১ কেভি বৈদ্যুতিক নিয়ন্ত্রণ কক্ষ সমূহ পুণৰ বিতৰণ কোম্পানীৰ আওতালৈ ঘুৰাই অনাৰ ব্যৱস্থা কৰাৰ দাবী জনায়। লগতে বন্ধ দিনত কাম কৰা অকাৰিকৰী কৰ্মচাৰী সকলক Compensatory Allowance আদায় দিয় ব্যৱস্থা কৰক, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰনি পেঞ্চন নীতি বাহাল ৰাখক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande