
বিশ্বনাথ, ১৮ ডিচেম্বৰ (হি.স.): বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত কেটেলা চাহবাগিছাৰ পৰা বৰগাং সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সংযোগী পথৰ দুৰৱস্থাই ৰাইজৰ যাতায়ত ব্যৱস্থাত অসুবিধাৰ সৃষ্টি হৈছে। প্ৰায় পঞ্চাশ বছৰ পুৰণি এই ৰাস্তা খৰালি মাহত ধুলিৰে উপচি পৰাৰ লগতে বাৰিষা কালত বোকাময় হৈ পৰে।
উল্লেখ্য় যে বিধ্বস্থ হৈ পৰা এই ৰাস্তাৰে কেটেলা চাহবাগিছাৰ ছাত্ৰ ছাত্ৰী বৰগাং পি এম শ্ৰী বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অহা যোৱা কৰে। তাৰোপৰি বৰগাং আৰক্ষী চকী, বৰগাং ডাকঘৰ, বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়, শিক্ষা বিভাগৰ কাৰ্যালয় আদিলৈ এই ৰাস্তাৰে অহা-যোৱা কৰিব পাৰি। কিন্তু এইৰাস্তা যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে। প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা যাতায়তৰ বাবে সুচল হোৱাকৈ নিৰ্মাণ কৰিবৰ বাবে স্থানীয় ৰাইজে শোণিতপুৰৰ সাংসদ আৰু বিহালীৰ স্থানীয় বিধায়কক আহ্বান জনাইছে। এই ৰাস্তা হ'লে ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰিবৰ্তে ভিতৰেদি বৰগাংৰ বিভিন্ন ঠাইত অহা-যোৱাৰ সুবিধা হোৱাৰ উপৰিও পথ দুৰ্ঘটনা আদিৰ পৰাও ৰক্ষা পাৰিলেহেতেন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ