
কোকৰাঝাৰ, ১৮ ডিচেম্বৰ (হি.স.)। পৰ্বতঝোৰাৰ বগৰীবাৰীত ন-বোৱাৰীৰ আত্মহননৰ ঘটনা। ৰহস্যজনক ভাবে আজি স্নানাগাৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰী গৰাকীৰ মৃতদেহ। নিহত বোৱাৰী গৰাকীক ছুইটি সৰকাৰ বুলি উল্লেখ কৰা হৈছে। ২০দিন পূৰ্বে বগৰীবাৰী আৰাইআনী প্ৰথম খণ্ডৰ বাপ্পা সৰকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰী গৰাকী।
বিবাহপাশত আবদ্ধ হোৱা যুৱকজন অসম আৰক্ষীত কৰ্মৰত। বগৰীবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু