জাগীৰোডৰ পলাহগুৰিত জব্দ চোৰাং গৰু ভৰ্তি এখন ট্ৰাক
জাগীৰোডৰ পলাহগুৰিত জব্দ হৈছে চোৰাং গৰু ভৰ্তি এখন ট্ৰাক।
জাগীৰোডৰ পলাহগুৰিত জব্দ হৈছে চোৰাং গৰু ভৰ্তি এখন ট্ৰাক।


জাগীৰোডৰ পলাহগুৰিত জব্দ হৈছে চোৰাং গৰু ভৰ্তি এখন ট্ৰাক।


মৰিগাঁও, ১৮ ডিচেম্বৰ (হি.স.)। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। চোৰাং সৰৱৰাহকাৰীয়ে নিতৌ সৰৱৰাহ কৰি আছে পশুধন। ইয়াৰ মাজতে আজি বৃহস্পতিবাৰে পুৱা জাগীৰোডৰ পলাহগুৰিত জব্দ হৈছে চোৰাং গৰু ভৰ্তি এখন ট্ৰাক।

নগাঁৱৰ ৰূপহীৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহ কৰি থকা সময়তে এক গোপন তথ্যৰ ভিত্তিত নেলী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকখন। ট্ৰাক খনৰ পৰা আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে ৩৫ টাকৈ চোৰাং গৰু। ইফালে আৰক্ষীৰ অভিযানৰ সময়ত চেগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালকে। উল্লেখ্য় যে এএছ ০১ টিচি ৮৩৫৫ নম্বৰৰ বাহনখনত পশুধনসমূহ সৰবৰাহ কৰা হৈছিল। অভিযানৰ সময়ত জাগীৰোড আৰক্ষীয়ে বাহনখনৰ সহায়ক নগাঁৱৰ ৰূপহীৰ জয়উদ্দিন নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande