ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত যোৰহাট মক ড্ৰিল সম্পন্ন
যোৰহাট, ১৮ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত অসমৰ ১০ খন জিলাৰ লগতে যোৰহাটত মক ড্ৰিল সম্পন্ন কৰা হয়। যোৰহাট বিদ্যুৎ ভৱনৰ বাকৰিত প্ৰশাসনৰ সহযোগত এই কাৰ্যসূচীৰ অনুষ্ঠিত কৰে । আকস্মিক দুৰ্যোগৰ সময়ত কেনেদৰে সাৱধানতা অবল
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত যোৰহাট মক ড্ৰিল সম্পন্ন


যোৰহাট, ১৮ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত অসমৰ ১০ খন জিলাৰ লগতে যোৰহাটত মক ড্ৰিল সম্পন্ন কৰা হয়। যোৰহাট বিদ্যুৎ ভৱনৰ বাকৰিত প্ৰশাসনৰ সহযোগত এই কাৰ্যসূচীৰ অনুষ্ঠিত কৰে ।

আকস্মিক দুৰ্যোগৰ সময়ত কেনেদৰে সাৱধানতা অবলম্বন কৰিব লাগে তাৰ ওপৰত মক ড্ৰিল (যুদ্ধৰ আখৰা ) দেখুওৱা হয়। বিশেষকৈ আজি ভূমিকম্পৰ সময়ত কেনেদৰে সজাগতা অবলম্বন কৰিব লাগে তাৰ ওপৰত যোৰহাট বিদ্যুৎ ভৱনত দেখুওৱা হয় এই মক ড্ৰিল। এই কাৰ্যসূচী ভূমিকম্পত আহত হোৱা ব্যক্তি সকলক কেনেদৰে উদ্ধাৰ কৰিব লাগে, ভূমিকম্প অহাৰ সময়ত কেনেদৰে সজাগ হৈ থাকিব লাগে সকলো বোৰ দেখুওৱা হয়। যোৰহাট জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, যোৰহাট মেডিকেল কলেজ, অগ্নি নিৰ্বাপন বাহিনী, চিভিল ডিফেন্স সহযোগিতা আগবঢ়ায় ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande