
কামৰূপ, ১৮ ডিচেম্বৰ (হি.স.)। গুৱাহাটী এইমচ ত সেনা , এচডিআৰএফ ,এনডিআৰএফ ৰ মকড্ৰিলৰ প্ৰদৰ্শন। যুদ্ধং দেহি ৰূপত উক্ত অভিযানৰ আৰম্ভ। প্ৰকৃততে কি হৈছে গুৱাহাটী এইমচ ত। ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা বিভাগ চমুকৈ এচডিআৰএফ এ সৰ্ব ভাৰতীয় আয়ুৰ বিজ্ঞান প্ৰতিষ্ঠানত জৰুৰীকালীন অৱস্থাত কৰ্মচাৰী সকলে কি দৰে ব্যৱস্থা গ্ৰহণ কৰিব তাৰে এক কৰ্মশলাৰ আযোজন কৰিছে ।
উক্ত মকড্ৰিলত উপস্থিত আছে সেনা ,এচডিআৰএফ ,এনডিআৰএফ,অগ্নি নিৰ্বাপক বাহিনী কে ধৰি চিকিৎসা বিভাগ । যি কোনো জৰুৰীকালীন অৱস্থা জনসাধাৰণ তথা কৰ্মচাৰী সকলে কি দৰে উদ্ধাৰ অভিযান চলাব মাইক যোগে সম্প্ৰচাৰিত কৰিছে এচডিআৰএফয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা