কোকৰাঝাৰত ডিএন.হিম্মৎসিংকা হাইস্কুল প্ৰাংগনত দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা আয়োজিত মক ড্ৰীল
কোকৰাঝাৰ, ১৮ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰত দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা আয়োজিত এক মক ড্ৰীলৰ কাৰ্য্য়সুচী। কোকৰাঝাৰ চহৰত এক হাহাকাৰময় পৰিৱেশ৷ চৌদিশে মানুহৰ দৌৰাদৌৰি এক আতংকময় পৰিস্থিতি৷ দুৰ্যোগ প্ৰশমন বিভাগ,অগ্নি নিৰ্বাপক বাহিনী,চিকিৎসক-চিকিৎসা কৰ্মী,উ
কোকৰাঝাৰত ডিএন.হিম্মৎসিংকা হাইস্কুল প্ৰাংগনত দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা আয়োজিত মক ড্ৰীল


কোকৰাঝাৰ, ১৮ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰত দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা আয়োজিত এক মক ড্ৰীলৰ কাৰ্য্য়সুচী। কোকৰাঝাৰ চহৰত এক হাহাকাৰময় পৰিৱেশ৷ চৌদিশে মানুহৰ দৌৰাদৌৰি এক আতংকময় পৰিস্থিতি৷ দুৰ্যোগ প্ৰশমন বিভাগ,অগ্নি নিৰ্বাপক বাহিনী,চিকিৎসক-চিকিৎসা কৰ্মী,উদ্ধাৰকাৰী দল, আৰক্ষী, চিআইএছএফ, এছএছবিৰ লগতে আহিছে কেইবাখনো এম্বুলেন্স৷ খৱৰ আহিছে এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প অহাৰ৷

কোকৰাঝাৰ চহৰ স্থিত এখন বিদ্যালয়ত কেইবা গৰাকীও ছাত্ৰ-ছাত্ৰী হতাহত হোৱাৰো খৱৰ আহিছে৷ ৰব৷ এইয়া আচলতে কোনো প্ৰাকৃতিক দুৰ্যোগ অথবা ভূমিকম্প অহাৰ সময়ত লবলগীয়া জৰুৰীকালীন অৱস্থাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে কোকৰাঝাৰ চহৰৰ ডিএন.হিম্মৎসিংকা হাইস্কুল প্ৰাংগনত দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা আয়োজিত এক মক ড্ৰীলৰ দৃশ্যহে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande