
গুৱাহাটী, ১৮ ডিচেম্বৰ(হি.স.)। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক অসম ভ্ৰমণক কেন্দ্ৰ কৰি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত আজি এক প্ৰস্ততি বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া আৰু দলীয় বিষয়ববীয়া আৰু আন কৰ্মকৰ্তা সকল।
বৈঠকত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনিয়া অসম ভ্ৰমণ চোৱাত আন চৰকাৰী কাৰ্য্যসুচীৰ বাহিৰেও বশিষ্ঠ স্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত দলীয় কৰ্মী সকলৰ সৈতে এক বৈঠকত মিলিত হ’ব। দলীয় বৈঠকৰ সময়চোৱাত প্ৰধানমন্ত্ৰীৰ সৈতে কি কি বিষয়ত আলোচনা কৰা হ’ব, প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাৰ সময়ত দলীয় কৰ্মী সকলে কি কি বিষয়ত গুৰুত্ব দিয়া উচিত এই বিষয়ে আজিৰ প্ৰস্ততি বৈঠকত আলোচনা কৰা হয়। প্ৰধান মন্ত্ৰীৰ সৈতে অনুষ্ঠিত হ’ব লগা বৈঠকত দলৰ জ্য়েষ্ঠ নেতা সকলহে উপস্থিত থাকিব পাৰিব বুলি জনা গৈছে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ