
গুৱাহাটী, ১৮ ডিচেম্বৰ(হি.স.)। মহানগৰীৰ বশিষ্ঠত অপহৃতা যুৱতী উদ্ধাৰ কৰা হৈছে। যুৱতী অপহৰণৰ সৈতে জৰিত ৰাহুল তাঁতী নামৰ অপহৰণকাৰী জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত অপহৰণকাৰী ৰাহুল তাঁতীৰ ঘৰ সোণাৰিত বুলি জনা গৈছে।
অপহৰণকাৰী ৰাহুল তাঁতীয়ে সোণাৰিৰ এগৰাকী কিশোৰিক অপহৰণ কৰি বশিষ্ঠত বিগত ১৬ ডিচেম্বৰৰ পৰা আত্মগোপন কৰি আছিল।
কিশোৰী গৰাকীৰ অভিভাৱকৰ সৈতে আৰক্ষী ইতিমধ্যে যোগাযোগ কৰিছে বুলি বশিষ্ঠ আৰক্ষী জানিব দিয়ে। আনহাতে স্বাস্থ্য পৰীক্ষাৰ অন্তত সোণাৰি আৰক্ষীৰ জৰিয়তে কিশোৰী গৰাকীক পৰিয়ালৰ হাতত চমজাই দিয়া হ'ব বুলি আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ