
বৰপেটা, ১৮ ডিচেম্বৰ (হি.স.)। বৰপেটাৰ বহৰি বজাৰত মৰাপাট খেতিয়কৰ প্ৰতিবাদ। অসম চৰকাৰে পশ্চিমবংগলৈ মৰাপাটৰ ৰপ্তানি বন্ধ কৰাৰ ফলত বৰ্তমান ব্যৱসায়ী সকলে ক্ৰয় নকৰে কৃষকৰ মৰাপাট। ফলত বহৰি সাপ্তাহিক বজাৰত মৰাপাট বিক্ৰী কৰিবলৈ অহা কৃষকৰ এতিয়া গ্ৰাহকৰ অভাৱত মুৰে কপালে হাত দিবলগীয়া অৱস্থা ।
একাংশ কৃষক আৰু ব্যৱসায়ীৰ অভিযোগ -
ৰাজ্য চৰকাৰে শ্ৰীৰামপুৰ আৰু বক্সিৰহাট সীমান্তৰে পাৰ হবলৈ দিয়া নাই অসমৰ পৰা পশ্চিমবংগলৈ মৰাপাট কঢ়িয়াই নিয়া ট্ৰাক । আৰক্ষীৰ হতুৱাই মৰাপাট বোজাই ট্ৰাক সমুহ শ্ৰীৰামপুৰ আৰু বক্সিৰহাট সীমান্তত আবদ্ধ কৰি ৰখাৰ ফলত বৰপেটাৰ বহৰি বজাৰকে ধৰি নামনি অসমৰ মৰাপাট খেতিয়ক সকলৰ মাজত লাগিছে হাহাকাৰ ।
আনহাতে একাংশ ব্যৱসায়ীয়ে অভিযোগ কৰামতে, শিলঘাট মৰাপাট কলত মৰাপাটৰ যোগান সীমিত হৈ পৰাৰ বাবেই চৰকাৰে মৰাপাটৰ ৰপ্তানি বন্ধৰ নিৰ্দেশ দিছে। কিন্তু অসমত যিমান পৰিমানৰ মৰাপাট উৎপাদন হয় তাৰ ২০ শতাংশ মৰাপাটহে অসমত ব্যৱহাৰ হয় । বাকী ৮০ শতাংশ মৰাপাট পশ্চিমবংগলৈ ৰপ্তানি হয়। পশ্চিমবংগ বা অন্য প্ৰদেশলৈ মৰাপাটৰ ৰপ্তানি বন্ধ হ'লে অসমৰ মৰাপাট কৃষক সকল ভীষণ লোকচানৰ সন্মুখীন হব ।
আনকি বিশেষ চক্ৰ এটাই চিণ্ডিকেট চলোৱাৰ অভিপ্ৰায়েৰে এইদৰে চৰকাৰী জাননী অবিহনেই আৰক্ষীৰ হতুৱাই অন্য ৰাজ্যলৈ মৰাপাটৰ ৰপ্তানি বন্ধ ৰাখিছে। উক্ত গুৰুতৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি আকর্ষণ কৰি খেতিয়ক সকলে অসমৰ মুখ্যমন্ত্ৰীলৈ কৰ যোৰে অনুৰোধ জনাইছে, যাতে তেওঁলোকৰ মৰাপাট সমূহ বিক্ৰী কৰিব পৰা উপযুক্ত পৰিবেশ চৰকাৰে সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু সীমান্তত উদ্ভৱ হোৱা সমস্যাৰ স্থায়ী সমাধান উলিয়াই খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা