
ধেমাজি, ১৮ ডিচেম্বৰ (হি.স.)।
সংযুক্ত বড়ো গণমঞ্চ (ইউবিপিঅ)ৰ দ্বাদশ বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনৰ বাবে আজি বৃহস্পতিবাৰে মাংগলিক ৰীতিনীতি আৰু নৃত্য গীতেৰে লাইখুঁটা স্থাপন স্থাপন কৰা হয় । জোনাই চিমেন চাপৰিত অহা ৩০, ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ইউবিপিঅৰ দ্বাদশ বাৰ্ষিক অধিৱেশন।
জোনাই সমজিলাৰ চিমেন চাপৰিৰ সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা জানুৱাৰী মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'ব সংযুক্ত বড়ো গণমঞ্চৰ দ্বাদশ বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশন। ইয়াৰ বাবে আজি মাংগলিক ৰীতিনীতি আৰু নৃত্য গীতেৰে স্থাপন কৰা হয় লাইখুঁটা ৷
এই লাইখুঁটা স্থাপন কৰা কাৰ্যসূচীটি শুভাৰম্ভ কৰে বিকেডব্লিউএচিৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে। আনহাতে এই অধিৱেশনৰ লগতে অনুষ্ঠিত হ’ব লগা প্ৰদৰ্শনস্থলীৰ লাইখুঁটা স্থাপন কৰে বিকেডব্লিউএচিৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰীয়ে৷
উল্লেখযোগ্য যে ইউবিপিঅ'ৰ এই কেন্দ্ৰীয় অধিবেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে বিটিএডিৰ বাহিৰৰ ২১ খন জিলাৰ লগতে বাংলাদেশ, নেপাল আদি কেবাখনো বহি ৰাজ্যৰ পৰা ১০ হাজাৰোধিক প্ৰতিনিধিয়ে অংশগ্ৰহন কৰিব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে৷
এই অধিৱেশনৰ শেষৰ দিনা মুকলি সভাত মুখ্য অতিথি হিচাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচি চিফ হাগ্ৰাম মহিলাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে৷
আজিৰ এই লাইখুঁটা স্থাপন কৰা কাৰ্যসূচীত বিকেডব্লিউএচিৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম, অৰ্ভ্যথনা সমিতিৰ সম্পাদক ৰাতিৰাম বসুমতাৰী আদি কৰি আয়োজক সমিতিৰ কেবাজনো বিষয়া আৰু সদস্য উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা