
শোণিতপুৰ, ১৮ ডিচেম্বৰ (হি.স.)। জামুগুৰিহাটৰ বাইপাছত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কেইবা শতাধিক ৰাইজৰ। বাইপাছ চাৰিআলিত দুৰ্ঘটনা ৰোধৰ বাবে স্পীড ব্ৰেকাৰ নিৰ্মানৰ লগতে যানবাহন আৰক্ষী নিয়োগৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাই ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচী।
বাইপাচ চাৰিআলিৰ পথৰ দাতিত ট্ৰাক ৰখোৱা বন্ধ কৰাৰ দাৱী প্ৰতিৱাদকাৰীৰ ৷ পথ অৱৰোধৰ ফলত আৱদ্ধ হৈ পৰিছে শ, শ যানবাহন।
পথ অৱৰোধ স্থলীত ইতিমধ্যে উপস্থিত হৈছেহি আৰক্ষী প্ৰশাসনৰ লোক। জামুগুৰিহাটৰ বাইপাছ চাৰিআলিত সঘনাই দুৰ্ঘটনাৰ সংখ্য বৃদ্ধি পোৱাৰ লগতে কালি এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল। প্ৰতিৱাদ স্থলীত সৰুভগীয়া,বাহঁবাৰী সত্ৰ আৰু বাহঁবৰীয়া গাওঁৰ কেইবা শতাধিক ৰাইজ উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা