
কামৰূপ, ১৮ ডিচেম্বৰ (হি.স.)। দক্ষিণ কামৰূপৰ সোণতলীত আবকাৰী বিভাগৰ বৃহৎ অভিযান চলে৷ এই অভিযানত ধ্বংস কৰে ৫০ লক্ষাধিক টকাৰ ভাং খেতি৷
সোণতলীৰ চৰাঞ্চলত আবকাৰী বিভাগৰ অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত ৬০ জনীয়া আৰক্ষীৰ দল এটাই চলায় এই ভাংখেতি বিৰোধী অভিযান। অভিযানত জ্বলাই নষ্ট কৰে প্ৰায় ৫০ লক্ষাধিক টকাৰ নিষিদ্ধ ভাং গছ৷
উল্লেখ্য যে, সোণতলীৰ বৰঘোল, ৰৌমাৰী, গৰৈমাৰী বিলৰজান, পল্লীমংগল, কছাৰীপাম গাঁৱত দীৰ্ঘদিন ধৰি নিষিদ্ধ গাঞ্জা খেতি কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল একাংশ অসাধু লোকে৷
সোণতলীৰ একাংশ সচেতন লোকৰ খবৰৰ ভিত্তিক আৰক্ষী আৰু আবকাৰী বিভাগে নিষিদ্ধ গাঞ্জাৰ খেতিৰ বিৰুদ্ধে চলায় সফল অভিযান৷ লগতে এনে ধৰণৰ নিষিদ্ধ ঘোষিত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে সদৰি কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা