
ধুবুৰী, ১৮ ডিচেম্বৰ (হি.স.): কাৰ্যালয়তে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়া ৰতন কুমাৰ সাহা। অমৃত সৰোবৰৰ বিল মোকলাই দিয়াৰ নামত ৩০ হাজাৰ টকা লৈ ছি এম ভিজিলেঞ্চৰ জালত পৰিল খণ্ড উন্নয়ন বিষয়া গৰাকী।
গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাহাকাটীৰ অমৃত সৰোবৰৰ চাৰিসীমাৰ বেৰ নিৰ্মাণৰ বিল মোকলাই দিয়াৰ নামত দেৱত্তৰ এন্টাৰপ্ৰাইজৰ পৰা দাবী কৰিছিল বৃহৎ পৰিমাণৰ ধন। আজি দেৱত্তৰ এন্টাৰপ্ৰাইজৰ কৰ্মচাৰীৰ পৰা ৩০ হাজাৰ টকা লওঁতে হাতে লোতে ধৰা পৰিল খণ্ড উন্নয়ন বিষয়া ৰতন কুমাৰ সাহা।
উল্লেখ্য যে গোলকগঞ্জ উন্নয়ন খণ্ডৰ বাহাকাটীৰ অমৃত সৰোবৰৰ চাৰিসীমাৰ বেৰ নিৰ্মাণৰ নামত ৮ লাখ টকা মোকলাই দিয়াৰ নামত বিচাৰিছিল ১৪% ধন। কিন্তু ঠিকাদাৰে ৭ % ধন দিব বিচাৰে। আজি সেই ৭% ধনৰ ৩০ টকা লওতে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ৰতন কুমাৰ সাহা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ