
ডিব্ৰুগড়, ১৮ ডিচেম্বৰ (হি.স.) । আধুনিক দুলীয়াজানৰ ৰূপৰেখা,শিক্ষাবিদ,উচ্চ শিক্ষাৰ বাটকটীয়া তথা দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূৰ্ণকান্ত হাজৰিকা আৰু নাই । ১৯৩৭ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা প্ৰয়াত শিক্ষাবিদ গৰাকীৰ বুধবাৰে নিশা দুলীয়াজানৰ টিপলিং সাৰ্বজনীন নামঘৰৰ সমীপৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
ইফালে বৃহস্পতিবাৰে প্ৰয়াত শিক্ষাবিদ গৰাকীৰ নশ্বৰ দেহ সমদল কৰি দুলীয়াজান মহাবিদ্যালয় চৌহদলৈ অনা হয়। উল্লেখযোগ্য ১৯৬৯ চনৰ স্থাপন কৰা দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল পূৰ্ণকান্ত হাজৰিকা । ১৯৯৪ চনৰ ৩১ ডিচেম্বৰত দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা শিক্ষাবিদ গৰাকী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ অতি প্ৰিয় আছিল । বৃহস্পতিবাৰে প্ৰয়াত শিক্ষাবিদ গৰাকীক দুলীয়াজান মহাবিদ্যালয়ত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ লোকবিকাশ গগৈয়ে আঁতধৰা অনুষ্ঠানটোত বিধায়ক তেৰচ গোৱালা,আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, কেইবাটাও ৰাজনৈতিক দলৰ বিষয়-ববীয়া,সদৌ অসম ছাত্ৰ সন্থা, সন্মিলিত সাংবাদিক মঞ্চ, দুলীয়াজান, দুলীয়াজান প্ৰেছ ক্লাবৰ লগতে বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলো আৱেগিক হৈ পৰে ।
পিচত দুলীয়াজানৰ টিপলিং সাৰ্বজনীন নামঘৰৰ সমীপৰ নিজা বাসভৱনৰ চৌহদতে অগনন গুণমুগ্ধৰ উপস্থিতিত শিক্ষাবিদ গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। শিক্ষাবিদ গৰাকীৰ মৃত্যুত দুলীয়াজানত শোকৰ ছাঁ পৰিছে। বিভিন্ন গৰাকীয়ে শিক্ষাবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা