হাজোৰ বামুন্দীত অগ্নিকাণ্ডৰ ঘটনা
কামৰূপ, ১৮ ডিচেম্বৰ (হি.স.)। হাজোৰ বামুন্দীত আজি অগ্নিকাণ্ডৰ ঘটনা। কথমপি প্ৰাণৰক্ষা অঞ্চলটোৰ বাসিন্দাৰ।বামুন্দীৰ শ্ৰীনগৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত। খেতি পথাৰৰ ধানখেৰ গৃহস্থৰ বাসগৃহলৈ অনা পথতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। ট্ৰেক্টেৰৰে অনা ধানখেৰৰ বোজা
হাজোৰ বামুন্দীত অগ্নিকাণ্ডৰ ঘটনা


কামৰূপ, ১৮ ডিচেম্বৰ (হি.স.)। হাজোৰ বামুন্দীত আজি অগ্নিকাণ্ডৰ ঘটনা। কথমপি প্ৰাণৰক্ষা অঞ্চলটোৰ বাসিন্দাৰ।বামুন্দীৰ শ্ৰীনগৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত। খেতি পথাৰৰ ধানখেৰ গৃহস্থৰ বাসগৃহলৈ অনা পথতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। ট্ৰেক্টেৰৰে অনা ধানখেৰৰ বোজা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এই অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত শুৱালকুছি অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়।

ইফালে স্থানীয়লোকৰ অভিযোগ উত্থাপন কৰে যে, বিদ্যুৎ বিভাগৰ চৰম হেমাহিৰ বাবে বৈদ্যুতিক তাঁৰৰ সংস্পৰ্ষত আহি অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ। অঞ্চলটোৰ খেতি পথাৰৰ মাজৰে যোৱা বৈদ্যুতিক তাঁৰ সমূহ বিপদ সংকুল ভাবে ওলমি যোৱাত দীৰ্ঘদিনৰে পৰা কৃষক ৰাইজ বিপদ সংকুলভাবে অহাযোৱা কৰিব লগীয়াত পৰিছে। যাৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা প্ৰাণৰক্ষা পৰিল অঞ্চলটো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande