
নগাঁও, ১৮ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে এখন অবৈধ মাদ্ৰাছা। উৎখাত কৰা অবৈধ মাদ্ৰাছাখন টেঙাগুৰি (জুগুনী বিল)ত স্হানীয় ৰাইজৰ অজ্ঞাতে দুই এজনে চলাই আছিল। যোৱা কালি বুধবাৰে নিশা লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক ড০ দিগন্ত বৰুৱাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল জুগুনী বিলত উপস্থিত হোৱাৰ লগে লগে মাদ্ৰাছাত থকা ১৫ টা শিশু কিশোৰ দৌৰি পলায়ন কৰিব বিচাৰিছিল যদিও স্হানীয় ৰাইজৰ সহযোগত শিশু কিশোৰ কেইটাক উদ্ধাৰ কৰে।
ইফালে মাদ্ৰাছাৰ বৈধতাৰ প্ৰমাণ পত্ৰ দেখুৱাব নোৱাৰাত শিক্ষক ছাইফুল ইছলামক আৰক্ষীয়ে আটক কৰে ।আৰক্ষীয়ে মাদ্ৰাছাত থকা কিশোৰ আৰু শিক্ষকৰ মবাইলত অশ্লীল ভিডিঅ উদ্ধাৰ কৰে। মাদ্ৰাছাত থকা কিশোৰ শিশু সকল কেবাখনো জিলাৰ আছিল বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে উদ্ধাৰ কৰা শিশু কিশোৰ কেইটাক চাইল্ড লাইনত দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। অবৈধ মাদ্ৰাছা উৎখাত কৰাত স্হানীয় ৰাইজে আৰক্ষীক ধন্যবাদ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ