
গোৱালপাৰা, ১৮ ডিচেম্বৰ (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰৰ বগুৱানত হেৰ'ইন সহ এগৰাকী সৰবৰাহকাৰীক আটক কৰিব সক্ষম হই আৰক্ষী। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী গৰাকীৰ নাম আনছাৰুল হক বুলি আৰক্ষী সুত্ৰে প্ৰকাশ। বামুনডাংগা দ্বিতীয় খণ্ড গাঁৱৰ আমিন আলীৰ পুত্র এইগৰাকী আনছাৰুলে পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল। দিৰ্ঘ দিনৰ পৰা ড্ৰাগচ সৰবৰাহৰ সৈতে জৰিত আছিল।
দ্বিতীয়বাৰ পুনৰ ড্ৰাগছ সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ'ল আনছাৰুল। কালি নিশা আনছাৰুলে বঙাইগাঁওৰ পৰা হেৰ'ইন সহ আহি থকাৰ খবৰ লাভ কৰে বগুৱান আৰক্ষীয়ে। বিশেষ সূত্ৰৰ খবৰ অনুসৰি দেওধুতুৰী নামৰ ঠাইত বগুৱান আৰক্ষীয়ে তালাচি চলাই ১১ গ্ৰাম ওজনৰ হেৰ'ইন সহ গ্ৰেপ্তাৰ কৰে আনছাৰুলক।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু