
হোজাই, ১৮ ডিচেম্বৰ (হি.স.): অমানুষিকভাৱে পশুধন সৰবৰাহ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি লংকাৰ লালঙডুবিত যোৱা কালি বুধবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।লংকা আৰক্ষীৰ সন্মুখতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
এখন গৰুগাড়ীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এখন টাটা মোবাইল বহনত অমানুষিকভাৱে পান জাপদি জাপি নিছিল ৯ টাকৈ গৰু ।লংকা লালঙডুবিৰ স্থানীয় ৰাইজৰ হাতত জব্দ হৈছে ৯ টা গৰু ভৰ্তি এখন চাৰিচকীয়া বাহন। লংকাত বৃহৎ গৰু ছিণ্ডিকেট অব্যাহত থকা আৰু আৰক্ষীয়ে গৰু সৰবৰাহকাৰী লগত মিতিৰালীৰ থকাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ