
কোকৰাঝাৰ, ১৮ ডিচেম্বৰ (হি.স.): গুৱাহাটীৰ পৰা কয়লাৰ ছিণ্ডিকেট নিয়ন্ত্ৰণ হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। এইক্ষেত্ৰত ছেলিম, বেনাৰসী আৰু গল্ডিৰ নেতৃত্বত কয়লাৰ ছিণ্ডিকেট চলিছে বুলি চৰ্চিত হৈছে।অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত কয়লাৰ গাড়ী ৰৈ থকা সমূহ ছিগনেলৰ অপেক্ষাত। কয়লা মাফিয়াৰ ছিগনেল আহিলেই যাব পাৰিব এই গাড়ী সমূহ।
প্ৰতিখন কয়লাৰ গাড়ীৰ এন্ট্ৰী দিব লাগে ২ লাখৰ অধিক। এন্ট্ৰী নিদিলে বংগলৈ যাবই নোৱাৰে কয়লাৰ গাড়ী।শ্ৰীৰামপুৰ দাবা, পেট্ৰোল পাম্প ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা হয় কয়লাৰ গাড়ী সমূহ। কয়লাৰ গাড়ী সমূহ এন্ট্ৰী দিলেই বংগলৈ যোৱাৰ বাবে পাব কয়লাৰ মাফিয়া পৰা গ্ৰীণ ছিগনেল। বংগৰ বিভিন্ন ঠাইলৈ যোৱাৰ বাবে প্ৰতিখন কয়লাৰ গাড়ীয়ে দিব লাগে ১ লাখ ৮০ হাজাৰ টকাকৈ এন্ট্ৰী ধন। বহিঃ ৰাজ্যৰ বিহাৰ, পাঞ্জাব, ঝাৰখণ্ড লৈ যোৱাৰ বাবে ২ লাখ ৩০ হাজাৰ কৈ এন্ট্ৰী।
জানিব পৰা মতে গুৱাহাটীত বহি এন্ট্ৰী লোৱাৰ দায়িত্ব কয়লা মাফিয়া ছেলিমৰ। বংগ আৰু বিহাৰৰ দায়িত্বত আছে কয়লা মাফিয়া বেনাৰসী।কয়লাৰ গাড়ী এন্ট্ৰী হোৱাৰ পিছত মেছেজ দিয়াৰ দায়িত্বত আছে কয়লা মাফিয়া গল্ডি। আনহাতে শ্ৰীৰামপুৰ, শিমূলটাপু আৰু বংগ বাৰভিচাত আছে ছিণ্ডিকেট বাহিনীৰ লগত যোগাযোগ কৰা একাংশ যুৱক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ