
বৰপেটা, ১৮ ডিচেম্বৰ (হি.স.): চিকিৎসকৰ অভাৱত যিকোনো মূহুৰ্তত বন্ধ হৈ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডৱাস্থিত ভক্তৰডৱা আদৰ্শ চিকিৎসালয় খন। সম্প্ৰতি অ পি ডি সেৱাৰ বাহিৰে অন্য জৰুৰীকালীন সেৱা লাভ নকৰিব ৰোগী সকলে। মাত্ৰ তিনিজন চিকিৎসকেৰে চলি আছে ভক্তৰডৱা আদৰ্শ চিকিৎসালয়।
উল্লেখ্য় যে বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডৱাস্থিত ভক্তৰডৱা আদৰ্শ চিকিৎসালয় খনে স্বাস্থ্য বিভাগৰ দ্বাৰা এ গ্ৰেড লাভ কৰিছিল। পিছে সম্প্ৰতি এই আদৰ্শ চিকিৎসালয়খন এতিয়া চিকিৎসকৰ অভাৱত বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে।মাত্ৰ তিনিজন চিকিৎসকেৰে কোনো মতে চলি আছে ভক্তৰডৱা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা সেৱা। পৰ্যন্ত চিকিৎসকৰ অভাৱৰ বাবে যিকোনো মূহুৰ্তত বন্ধ হৈ পৰিব পাৰে সকলো ধৰণৰ জৰুৰীকালীন সেৱা। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদ নিবেদন কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই সকলো সুবিধা থকাৰ পিছতো কেৱল চিকিৎসকৰ অভাৱৰ বাবে ভক্তৰডৱা আদৰ্শ চিকিৎসালয় খন বন্ধ হৈ পৰিব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে । ইয়াৰ ফলত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হ'ব বৃহত্তৰ ভক্তৰডৱা অঞ্চলৰ দৰিদ্ৰ খাটি খোৱা সাধাৰণ জনতাসকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ