
যোৰহাট, ১৮ ডিচেম্বৰ (হি.স.)। যোৰহাটৰ দিল্লী পাব্লিক স্কুলত বাৰ্ষিক বৰ্ষপূৰ্তি অনুষ্ঠান। যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান দিল্লী পাব্লিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বৰ্ষপূৰ্তি অনুষ্ঠান ( কগনিচিয়া) শীৰ্ষক এক বনাধ্য অনুষ্ঠান। উক্ত অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ পৰিচালনা সঞ্চালক নীতেইশ জৈনে।
বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বাহনা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ আদিতি ফুকনকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। বিদ্যালয় খনৰ অধ্যক্ষ মনালিছা বৰঠাকুৰ সিঙে জনোৱা অনুসৰি বিদ্যালয় খনে বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব সক্ষম হোৱা বাবে সন্তোষ প্ৰকাশ কৰে। আজি দিনৰ ভাগত ছাত্ৰ -ছাত্ৰী সকলৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সমান্তৰাল ভাৱে বহু কেইটা বিভাগৰ দ্বাৰা প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ বাৰেৰহণীয়া এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি বিদ্যালয়ৰ কতৃপক্ষই জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু